Tuesday, March 19, 2013

অনুভৱৰ আঁক-বাক


   অনুভৱৰ আঁক-বাক



......ঊফ!
নাই , এই অশ্ৰু নৰয় ।
নোৱাৰি, নোৱাৰো আৰু মই.....
বিশাদৰ বেদনা
নে,
ভাৱনাৰ তাড়না!
শব্দবোৰ যেন ভাঙি যায়,
ওহোঁ! নোযোৰে কোনো পধ্যেই ।
নিদাৰুণ লুতকেৰে পখালিছো
আৰু পখালিছো.....
মামৰে ধৰিব খোজা সেই
জীপাল স্মৃতি,
ফাগুণৰ আবিৰেৰে আৱৰিত
কৰি,
চাই আছো
হাঁহি-কান্দি......
লিখো বুলি কবিতা
বিদায় বেলাত,
কলমে সংগ দিয়া নিসংগ কবি
কান্দি-কান্দি আঁকি থাকিম
ভাৱনাৰ ছবি....
মোৰ ভাৱনাৰ ছবি ।।

                                                                   -বিতোপন বৰা।(১৭--২০১৩)

Sunday, March 17, 2013

কবিতা!-অনুভৱৰ এক দৌৰ...

             বালিবান্ধ                       


দুচকুৰ পতা মোৰ গভিৰ হৈ পৰিছে 
বাৰুকৈয়ে গলিব খোজিছে অন্তৰৰ মমডাল,
মোৰ
ভাস্কৰৰ কোমল সুৰৰে,
কলিটি আওৰাই
জিৱণৰ
খলা বমা আলিটি বগাই
পালোহি বালিচৰা
হেঙুলীয়া ৰহনৰ।।
নাও আজি নিথৰ
মোৰ,
দিনটোৰ শেষত
নাই আজি জোনাকী
এই সন্ধিয়াত
নাই আজি চন্দ্ৰমা
মোৰ আকাশত,
কিয়..??
কিয়, ইমান আন্ধাৰ
আজি !!
মোৰ বৰ ঘুমটি ধৰিছে
সচাকৈয়ে, 
আজি
দুচকুৰ পতা মোৰ গভিৰ হৈ পৰিছে।।

                                                                                              -বিতোপন বৰা।