Tuesday, March 19, 2013

অনুভৱৰ আঁক-বাক


   অনুভৱৰ আঁক-বাক



......ঊফ!
নাই , এই অশ্ৰু নৰয় ।
নোৱাৰি, নোৱাৰো আৰু মই.....
বিশাদৰ বেদনা
নে,
ভাৱনাৰ তাড়না!
শব্দবোৰ যেন ভাঙি যায়,
ওহোঁ! নোযোৰে কোনো পধ্যেই ।
নিদাৰুণ লুতকেৰে পখালিছো
আৰু পখালিছো.....
মামৰে ধৰিব খোজা সেই
জীপাল স্মৃতি,
ফাগুণৰ আবিৰেৰে আৱৰিত
কৰি,
চাই আছো
হাঁহি-কান্দি......
লিখো বুলি কবিতা
বিদায় বেলাত,
কলমে সংগ দিয়া নিসংগ কবি
কান্দি-কান্দি আঁকি থাকিম
ভাৱনাৰ ছবি....
মোৰ ভাৱনাৰ ছবি ।।

                                                                   -বিতোপন বৰা।(১৭--২০১৩)

No comments:

Post a Comment