অনুভৱৰ আঁক-বাক
......ঊফ!
নাই
,
এই
অশ্ৰু নৰয় ।
নোৱাৰি,
নোৱাৰো
আৰু মই.....
বিশাদৰ
বেদনা
নে,
ভাৱনাৰ
তাড়না!
শব্দবোৰ
যেন ভাঙি যায়,
ওহোঁ!
নোযোৰে
কোনো পধ্যেই ।
নিদাৰুণ
লুতকেৰে পখালিছো
আৰু
পখালিছো.....
মামৰে
ধৰিব খোজা সেই
জীপাল
স্মৃতি,
ফাগুণৰ
আবিৰেৰে আৱৰিত
কৰি,
চাই
আছো
হাঁহি-কান্দি......
লিখো
বুলি কবিতা
বিদায়
বেলাত,
কলমে
সংগ দিয়া নিসংগ কবি
কান্দি-কান্দি
আঁকি থাকিম
ভাৱনাৰ
ছবি....
মোৰ
ভাৱনাৰ ছবি ।।